মা' তুমি অনন্যা
মা' তুমি অনন্যা
জীৱনৰ প্ৰথম পুৱাত মেলিছিলো চকু
তোমাৰ সুকোমল কোলাত
উচুপি উঠিছিলো পৃথিৱী দৰ্শনৰ আনন্দত।'
মা' তুমি অনন্যা
সকলোৰে ঋণ পৰিশোধ কৰিলেও
তোমাৰ অৱদান অমূল্য
তুমি নিস্বার্থ মৰমৰ ভঁড়াল
জগত জননী সুন্দৰৰ অধিকাৰী তুমি
তোমাৰ তুলনা নাই
তোমাৰ ত্যাগৰ মুকুতি অসীম।
হে মা, তুমি জগত জননী
স্বৰ্গাদপী গৰীয়সী।।