অসমৰ কৃষি সম্বন্ধীয় লোক-বিশ্বাস

কৃষি সম্বন্ধীয় লোক-বিশ্বাস

        শস্য যাতে লহপহকৈ বাঢ়ে তাৰ বাবেও বহুতো আচাৰ-অনুষ্ঠান পালন কৰা হয়। কাতি বিহুতি পথাৰত বন্তি দিয়া হয়। নগাসকলৰ বিশ্বাসমতে মানুহ এটা মাৰি তাৰ মঙহ খেতিৰ পথাৰত থলে খেতি নদন-বদন হয়।

         চাউল মানুহৰ কেৱল প্রধান খাদ্যই নহয়, ইয়াক মন্ত্ৰতো ব্যৱহাৰ কৰা হয়। অসমীয়াৰ বিয়াত দবা যেতিয়া কন্যাঘৰলৈ আহে তেতিয়া দৰাক মুহিবলৈ অথবা তেওঁৰ পৰা অপদেৱতা দূৰ কৰিবলৈ চাউল ছটিওৱাৰ বা চোবোৱাৰ প্ৰথা আছে। জনজাতীয় লোকসকলেও যাদুত আৰু দেও উঠি ভৱিষ্যদ্বাণী কৰা সময়ত চাউল ব্যৱহাৰ কৰে।

           ভৰালত শস্য সঞ্চয় কৰা সম্বন্ধেও অনেক বিশ্বাস আছে। কোনো কোনো মাহ আৰু দিনত ভ'ৰালৰ পৰা ধান উলিয়াব নাপায়। লঘোণ লগা সময়ত তিৰোতামানুহক ভ'ৰালৰ কাষলৈকে যাবলৈ দিয়া নহয়। ভ'ৰালক পুজাও কৰা হয়। কাতি বিহুত ভ'ৰালৰ সম্মুখত বন্তি জ্বলোৱা হয়। প্রধানতঃ খেতিৰ ওপৰত নিৰ্ভৰ কৰা সমাজে পানীৰ কাৰণে প্রাকৃতিক শক্তি সমূহক প্রার্থনা জনায়। এই শক্তি সমূহক যাদু আৰু ধৰ্মমূলক আচাৰ অনুষ্ঠানেৰে তুষ্ট কৰে। বৰষুণ নমাবলৈ আৰু বন্ধ কৰিবলৈ অসমীয়াৰ মাজত বহুতো আচাৰ অনুষ্ঠান আৰু মন্ত্ৰৰ প্ৰচলন মন কৰিবলগীয়া। পানী বিচাৰি নাইবা মাজে মাজে হোৱা বানপানী যাতে বন্ধ হয় তাৰ কাৰণে নিজৰা আৰু নদীক পুজা কৰে। এই ধৰণৰ সামাজিক প্রথা জনজাতীয় লোকৰ মাজতো আছে। নগাসকলৰ বৰষুণ অনোৱা উৎসৱত ডেকা আৰু লৰাহ'তে বৰষুণ আহিলে লৰা-ছোৱালীয়ে ধেমালি কৰাদি বাহিৰলৈ ওলাই গৈ নাচে আৰু গীত গায়।

           খেতি চপাই আনি প্রথম প্রথম এমুঠি চাউল ৰাইজক লগোৱাটো এনে-বোৰ বিশ্বাসৰ লগত জড়িত। ধান দোৱা শেষ হোৱাৰ ঠিক পিচতেই অসমীয়াই ন-খোৱা ভোজ পাতে। এই আনুষ্ঠানিক ভোজ হৈ যোৱাৰ পিচতহে ন-খেতিৰ চাউল নিজে খাব পাৰে। মাঘ বিহ হ'ল খেতি চপোৱা উৎসৱ। ই আচলতে প্রথম শস্য গ্রহণৰ উৎসৱ। এই উৎসৱত তিল, চাউল, সৰিয়হ আদি ন-শস্য উচৰ্গা কৰি অগ্নিদেৱতাক তুষ্ট কৰা হয়। সেইদৰেই গছত প্রথম ফল ধৰিলে তাৰে এটা ফল দেৱতালৈ উচৰ্গা কৰা হয়। আকৌ নতুনকৈ পোৱালি জগা গাইৰ গাখীৰ খীৰায়েই খেতৰ-খেতৰণীলৈ উচৰ্গা কৰা হয়। খেতৰ-খেতৰণী খেতিৰ পথাৰৰ অধিষ্ঠাত্রী দেৱ-দেৱী। এই সম্পর্ক'ত ন-চাউলৰ পিঠা তৈয়াৰ কৰাৰ লগত জড়িত সামাজিক প্রথাসমূহ সংগ্রহ কৰা উচিত। ন-শস্যৰ পিঠা কৰোঁতে দেৱতা-তুষ্টিৰ কাৰণে কিছুমান নিয়ম পালন কৰা হয়। প্রথম পিঠাখন জুইত দিয়া হয়, বিহু-উৎসৱত আত্মীয় স্বজনক পিঠা খুওৱাও এই শ্রেণীৰেই এটি মাঙ্গলিক অনুষ্ঠান। ভিখাৰীকো পিঠা দান কৰা হয় অমঙ্গল দূৰ কৰিবলৈ। ভ'ৰাল যাতে অগ্নি, বৰষুণ আৰু নিগনিৰপৰা নিৰা-পদে থাকে আৰু পথাৰত খেতি যাতে ভালদৰে হয় তাৰ কাৰণে এই সকলো-বোৰ অনুষ্ঠান পালন কৰা হয়। মাঘ বিহুত আনকি গৰুকো পিঠা খুওৱা হয়।

           কৃষিৰ সা-সজুলি, বিশেষকৈ লোহাৰ আহিলা পাতিৰ লগত বহু বিশ্বাস জড়িত। লোহাত ঐন্দ্রজালিক গুণ আছে বুলি মানুহৰ ধাৰণা। গতিকে কটাৰী, দা, বেজী আৰু কৃষিকৰ্ম, মাছমৰা আহিলা, তাঁতশাল আদিত ব্যৱহৃত অন্যান্য লোৰ চোকা আহিলা-পাতিৰ লগত মানুহৰ কিছুমান ধাৰণা আৰু অভ্যাস জড়িত আছে। পৰিয়ালৰ কোনো লোকৰ মৃত্যু হ'লে মৃতকৰ সৎকাৰ আৰু শ্রদ্ধাদি যি জন লোকে কৰে তেওঁৰ হাতত এখন লোহাৰ কটাৰী বা অন্য তেনে কোনো লোহাৰ চোকা স'জুলি অশৌচৰ দিন কেইটা লগত ৰাখিব লাগে; নহ'লে মৃতকৰ আত্মাই তেওঁৰ অপকাৰ কৰিব পাৰে। সন্তান জন্মৰ পিচত, প্রসূতী আৰু সন্তানক ভূত-প্রেত ডাইনী আদিৰ পৰা ৰক্ষা কৰিবলৈ প্ৰসূ তীৰ পাটীৰ তলত এখন কটাৰী থৈ দিয়া হয়।

         অসমীয়া বিৱাহোৎসৱৰ দিনবোৰত দৰা-কন্যাই একোখন কটাবী সদায় লগত ৰাখিব লাগে। বিধি-কর্ম শেষ হৈ যোৱাৰ পিচত দৰা-কন্যাই 'টেমী-কটাৰী সলোৱা' কৌতুক-আচাৰ পালিব লাগে।

           ভূত-প্ৰেতৰপৰা ৰক্ষা পাবলৈ সাধাৰণতে নিশা গাৱলীয়া মানুহে লগত কটাৰী লৈ ফুৰে। গাভৰুক কটাৰী উপহাৰ দিয়া প্ৰণয়ৰ চিন। বিহুগীতত ইয়াৰ উল্লেখ আছে।

            দা সম্পর্কেও অনেক বিশ্বাস আছে। পূজাৰ বলিকটা দা মন্ত্ৰ মাতি পূজা কৰা হয়; কালিকা পুৰাণত এনে মন্ত্ৰৰ উল্লেখ আছে। গাৰোসকলে খেতি-বাতি আৰম্ভৰ আগতে দা-কটাৰী নৃত্যগীতেৰে পূজা কৰে।

 তথ্য সংগ্ৰহ: অসমৰ লোক-সংস্কৃতি 
 প্ৰকাশক: শ্রীবিৰিঞ্চি কুমাৰ বৰুৱা 
 পৃষ্ঠা : ৮ -১০   

Popular posts from this blog

অসমৰ লোক-শিল্প