Posts

মা' তুমি অনন্যা

Image
মা' তুমি অনন্যা  জীৱনৰ প্ৰথম পুৱাত মেলিছিলো চকু তোমাৰ সুকোমল কোলাত  উচুপি উঠিছিলো পৃথিৱী দৰ্শনৰ আনন্দত।' মা' তুমি অনন্যা  সকলোৰে ঋণ পৰিশোধ কৰিলেও  তোমাৰ অৱদান অমূল্য তুমি নিস্বার্থ মৰমৰ ভঁড়াল জগত জননী সুন্দৰৰ অধিকাৰী তুমি তোমাৰ তুলনা নাই  তোমাৰ ত্যাগৰ মুকুতি অসীম। হে মা, তুমি জগত জননী স্বৰ্গাদপী গৰীয়সী।।

অসমৰ কৃষি সম্বন্ধীয় লোক-বিশ্বাস

Image
কৃষি সম্বন্ধীয় লোক-বিশ্বাস         শস্য যাতে লহপহকৈ বাঢ়ে তাৰ বাবেও বহুতো আচাৰ-অনুষ্ঠান পালন কৰা হয়। কাতি বিহুতি পথাৰত বন্তি দিয়া হয়। নগাসকলৰ বিশ্বাসমতে মানুহ এটা মাৰি তাৰ মঙহ খেতিৰ পথাৰত থলে খেতি নদন-বদন হয়।          চাউল মানুহৰ কেৱল প্রধান খাদ্যই নহয়, ইয়াক মন্ত্ৰতো ব্যৱহাৰ কৰা হয়। অসমীয়াৰ বিয়াত দবা যেতিয়া কন্যাঘৰলৈ আহে তেতিয়া দৰাক মুহিবলৈ অথবা তেওঁৰ পৰা অপদেৱতা দূৰ কৰিবলৈ চাউল ছটিওৱাৰ বা চোবোৱাৰ প্ৰথা আছে। জনজাতীয় লোকসকলেও যাদুত আৰু দেও উঠি ভৱিষ্যদ্বাণী কৰা সময়ত চাউল ব্যৱহাৰ কৰে।            ভৰালত শস্য সঞ্চয় কৰা সম্বন্ধেও অনেক বিশ্বাস আছে। কোনো কোনো মাহ আৰু দিনত ভ'ৰালৰ পৰা ধান উলিয়াব নাপায়। লঘোণ লগা সময়ত তিৰোতামানুহক ভ'ৰালৰ কাষলৈকে যাবলৈ দিয়া নহয়। ভ'ৰালক পুজাও কৰা হয়। কাতি বিহুত ভ'ৰালৰ সম্মুখত বন্তি জ্বলোৱা হয়।  প্রধানতঃ খেতিৰ ওপৰত নিৰ্ভৰ কৰা সমাজে পানীৰ কাৰণে প্রাকৃতিক শক্তি সমূহক প্রার্থনা জনায়। এই শক্তি সমূহক যাদু আৰু ধৰ্মমূলক আচাৰ অনুষ্ঠানেৰে তুষ্ট কৰে। বৰষুণ নমাবলৈ আৰু বন্ধ কৰিবলৈ অসমীয়াৰ মা...

অসমৰ লোক-শিল্প

Image
  লোক-শিল্প        গাৱ'লীয়া জীৱনৰ সুকুমাৰ-কলা-প্রীতিৰ পৰিচয় ফুটি ওলায় হস্ত-শিল্প আৰু লোক-শিল্পত। কেৱল দৈনন্দিন প্রয়োজনৰ সা- সঁজুলিতে নহয়, ধর্মমূলক ক্রিয়া-অনুষ্ঠানৰ লগতো লোক-শিল্পৰ সম্বন্ধ মন কৰিবলগীয়া।        এই লোক-শিল্পৰ প্ৰাচীন নিদর্শন হ'ল মুৎ-শিল্প বা কুমাৰৰ শিল্প। গাৱৰ মানুহৰ নিত্য ব্যৱহাৰৰ কাৰণে তৈয়াৰ কৰা এই সামগ্ৰীসমূহত কুমাৰৰ শিল্প-নিপুণ ব্যক্তিত্বৰ মনোৰম ছাপ প্রকাশ পায়। বার্ডউডে ঠিকেই কৈছে, "ৰূপ আৰু ব্যৱহাৰিক সুবিধা, আৰু অনাড়ম্বৰতাৰ পিনৰপৰা ভাৰতবৰ্ষৰ মৃৎ-শিল্প প্রকৃতিৰ লগত ৰজিতা খাই পৰিছে; কলাৰ ক্ষেত্ৰতো, ঘৰুৱা আৰু কম খৰচী সকলো হস্ত-শিল্পৰ ভিতৰত মৃৎ-শিল্প সর্বাঙ্গসুন্দৰ।”        প্রাচীন মুৎ-শিল্পৰ চানেকী অসমত সৰহ নাই। ইয়াৰ প্ৰধান কাৰণ মাটিৰ বস্তু বহুদিন নিটিকে। তাৰোপৰি মাটিৰ পাত্ৰ সহজতে অশুচি হয় বুলি এবাৰ ব্যৱহাৰৰ পিছতে তাক নষ্ট কৰি পেলোৱা হয়। গুৱাহাটীৰ ৰাজ্যিক সংগ্ৰহালয়ত কেইটিমান বিভিন্ন চানেকীৰ মাটিৰ পুৰণিকলীয়া পাত্ৰ সংৰক্ষণ কৰা হৈছে। ইয়াৰে ভগা কলহ আৰু ধুনা জ্বলোৱা পাত্রটিয়ে শিল্পীৰ শিল্পাদৰ্শৰ সুন্দ...

গণেশ চতুৰ্থী উপলক্ষে আহঁত পাতত অংকন কৰা ভগৱান গণেশৰ চিত্ৰ।” 🌿🙏✨

Image